দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ…
যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।
যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।
চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা…
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা,
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা,
যাক জীৱনজুৰি কন্দুৱালা।
তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা…
মই সুখৰ বাবে তোমাৰ সন্ধান কৰো।
দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম…
সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব,
কিন্তু হায়, সময় নাথাকিব।
কলিজাটো তোমাৰ ফালে সদায় হালে অলপ।
ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।
যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন,
আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।
তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয় ৰাইজে সোধে
“কোন ডক্তৰ, কি ঔষধ?”
কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক
“মই অলপ বিপদত পৰিছো”। জবাব পাই যাব।
তেওঁ হাঁহি সুধিছিল “তুমি কি কৰা?”
মই উত্তৰ দিলো “দলং নোহোৱা নদীত প্ৰেমৰ নাৱ চলাও।”
তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে…
আৰু বৰষুণক খবৰটো তেৱেই দিলে।
প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে
মন্দিৰৰ ঘণ্টাটোৰ দৰে হব।
সকলোৱে বজাই থৈ উভতি যাব।
কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ।
পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে।
তেওঁ যাওঁতে কৈ গ’ল-
“মই মাত্ৰ সপোনতহে দেখা দিম।”
মই কলো-“promise তো কৰা,
মই জীৱনৰ বাবে চকু মুদি দিম।
যি চৰাই উৰি গল, তালৈ আফচোচ কৰি কি লাভ…
ইয়াত পোহনীয়া চৰায়ো আনৰ চাদত পৰে।
সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে
নিজৰ আঙুলিও সুগন্ধিত হয়।
যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে,
সেয়া “বিজয়” আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে
জয়লাভ কৰে, সেয়া “বুৰঞ্জী”
এটা কথা মনত ৰাখিবা আনক দুখ দি কেতিয়াও সুখী হব নোৱাৰা!
আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা !
আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা!
অতীত ভয়ংকৰ হব পাৰে কিন্তু
সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে
বর্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ’ব।
জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও,
জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি
আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ’ব লগা নহয়,
তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই।
তুমি ধুনীয়া বাবেই মোৰ ভালপোৱাবোৰ গভীৰ নহয়,
মোৰ ভালপোৱাবোৰ গভীৰ বাবেই তুমি ধুনীয়া।
মোৰ এই গভীৰ প্ৰেমত তুমি যেন এপাহি সুগন্ধি বিলোৱা ফুল।
শেষ বোৰ সদায় হাঁহি মুখে হ’ব লাগে বেলেগ একো
নহ’লেও জীৱনৰ প্ৰতি আক্ষেপ নাথাকে।
জোৰ তেওঁকহে কৰা হয়, যাক সঁচাকৈ ভাল পোৱা যায়।
নহ’লেটো এই পৃথিৱীত মিছা ভালপোৱা অভাৱ নাই।
কাৰোবাৰ সপোন ভাঙি নিজৰ সপোন
সম্পূর্ণ হ’ব বুলি আশা নকৰিবা।
যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই,
সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল,
দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ’ব।
এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়
এই সম্পর্কটোত তুমি কিমান সুখী সেইটোৱেই ডাঙৰ কথা।
প্ৰকৃত ভালপোৱা সেইটো হে য’ত প্রিয়জন উভতি নাহে
বুলি গম পাইও অপেক্ষা কৰা যায়।
তাৰ পিছত এদিন মায়া শেষ হৈ যাব,
এজনে মৰি যাব ভিতৰি ভিতৰি,
আনজনে বেলেগৰ লগত গৈ ভালে থাকিব শিকি যাব।
বহুত সাধাৰণ এজনক বিছাৰো,
যাৰ ওচৰত তাৰ পৰিয়ালৰ পিছতে থাকিব মোৰ।
ভগৱানে বিছাৰিছিল বুলিয়ে তুমি হেৰাইছিলা,
পোৱাৰ সময় হ’লে আকৌ ভগৱানে দিব।
কোনোবাই কয় মই বেয়া কোনোবাই কয় মই ভাল।
সঁচা কথা ক’বলৈ গ’লে যিয়ে যেনেকুৱা তেওঁৰ ওচৰত মই তেনেকুৱা।
এই স্বাৰ্থপৰ চহৰত খনত,
স্বাৰ্থ নোহোৱা কৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ
খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব।
আগত কৈ বহুত মৌন হৈ গৈছো ইয়াৰ
পিছত হঠাৎ কৰি এদিন হেৰাই যাম।
জীৱনৰ সৰু সৰু সুখ আৰু প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা,
আশা আৰু সপোনবোৰৰ কি ভৰষা যি ক্ষণে প্রতিক্ষণে সলনি হৈ থাকে.
আপোনাক লৈ পৃথিৱীখনৰ যিমানেই অভিযোগ নাথাকক কিয়,
আপোনাৰ বাবে মা দেউতা সুখী হ’ব লাগে মাথো
আপোনাৰ দুখ দেখি কোনোবাই হাঁহিলেও আপোনাৰ হাঁহিটো কিন্তু
আন কাৰোবাৰ দুখৰ কাৰণে যাতে সৃষ্টি নহয় সেইটো সদায় মনত ৰাখিব।
সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো
নতুনকৈ আৰম্ভ কৰিব পাৰে তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে।
যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে তেওঁৰ লগত থকা
সম্পর্কক গোপনে ৰখাৰ প্ৰয়োজন নাই।
মনত মাজত কিছুমান এনেকুৱা অনুভৱ থাকে যিবোৰ
কাৰোবাক ক’বও নোৱাৰি আৰু ক’লেও বুজি নাপায়।
জীৱনত জটিল সময়ৰ খুবেই প্রয়োজন তেতিয়াহে
সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি।
কেতিয়াবা একো কাৰণ নোহোৱাকৈও সকলোৰে
পৰা আঁতৰি গৈ অকলশৰে থাকিবলৈ মন যায়।
এটা কথা সদায় মনত ৰাখিব,
আমি কোৱা কথাবোৰে তথা আমি আনক কৰা ব্যৱহাৰে
মা-দেউতাই দিয়া সংস্কাৰকো প্রতিনিধিত্ব কৰে।
বহুত দিনৰ মূৰত কোনোবাই খবৰ সুধিলেই গম
পাই যাওঁ যে কিবা কাম ওলাইছে।
জীৱনটো মোৰ গতিকে মানুহে কি ভাবিব মানুহে কি ক’ব
সেইবোৰ ভাবি সময় নষ্ট নকৰো।
সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছো,
তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাব নোৱাৰিম।
সেইবোৰ মানুহক তুমি একো কৰিব নোৱাৰা যি মানুহে নিজৰ ভুল
জনাৰ পিছতো ভুল স্বীকাৰ কৰিব নিবিচাৰে।
প্ৰথমবাৰ ক্ষমা কৰি দিয়ক দ্বিতীয়বাৰ আকৌ
সুযোগ দিয়ক তৃতীয়বাৰ আতৰি আহক।
এনে কিছুমান মানুহ আছে যিয়ে আপুনি অকলে থাকিলে গুৰুত্ব
নিদিয়ে তেতিয়াহে গুৰুত্ব দিয়ে যেতিয়া তেওঁ অকলে থাকে।
সেইজন ব্যক্তিৰ মনটো বহুত ভাল যিয়ে বাৰে বাৰে ঠগ
খোৱাৰ পিছটো আনৰ বেয়া হোৱাটো কামনা নকৰে।
জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা,
জীৱনৰ পৰা তুমি সেইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত।
তুমি যিমানেই সহজ সৰল হ’বা তোমাক
সিমানেই ঠগ-প্ৰবঞ্চনা কৰিব।
Sepression কোনো ধেমালি নহয়,
কিয়নো এনে সময়ত মুখেৰে হাঁহি থাকে আৰু
ভিতৰি মৰি যায়।
আজি কালি মিছা কথাতকৈ সঁচা কথা ক’লে হে
সম্পৰ্কবোৰ ভাগি যায়।
মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা..
সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ’লেও দিব।
চিনাকী হোৱা সকলো মানুহে মনত থাকে,
কিন্তু কিছুমান মানুহলৈ সদায় মনত পৰে।
লাগিলে খুব কম মানুহৰ লগত সম্পৰ্ক গঢ়ক কিন্তু
সঁচা আৰু হৃদয়ৰ পৰা হ’ব লাগে।
আঁতৰি যোৱাবোৰ যাবলৈ দিয়ক চাওকচোন আপোনাৰ
জীৱনত কি আৰু কোন কোন ৰৈ যায়।
কথাবোৰো একেই থাকে সপোনবোৰো একেই থাকে
মাথো সময়ে কাষত থকা মানুহজনক আঁতৰাই নিয়ে
নতুবা তেওঁ নিজেই সলনি হৈ যায়।
নাপাওঁ বুলি জনাৰ পিছতো আপোনাক ভাল
পাই থকাজনৰ প্ৰেমহে প্ৰকৃত প্ৰেম অন্যথা নিজৰ
প্ৰয়োজনৰ আৰু স্বাৰ্থৰ বাবে ভালপোৱাজনে একেবাৰেই আঁতৰি যায়।
সম্পৰ্ক এটাক আচলতে একপক্ষীয়ভাবে কোনোবা এজনে জোৰ কৰি
জীয়াই ৰাখিব নোৱাৰি ইয়াৰ কাৰণে দুয়োজনৰ সদ্দিচ্ছা
আৰু সৎ চেষ্টা থাকিব লাগিব
সকলোৰে বাবে সকলোৰে সময়তে উপলব্ধ নহ’ব
অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব।
জীৱনত কেতিয়াবা হৰ্ঠাতে লগপোৱা কিছুমান বিশেষ মানুহৰ
সংস্পৰ্শই জীৱনটো কিছু সুন্দৰ কৰি তোলে কিছু সহজ কৰি তোলে।
কম ধুনীয়া মানুহৰ লগত হোৱা ভালপোৱা
সকলোতকৈ ধুনীয়া।
নাৰীৰ গাত হাত দিয়াটো পুৰুষত্ব নহয়,
বৰং সেই হাতেৰে নাৰীক সুৰক্ষা কৰাটোহে পুৰুষত্ব।
সময় কাৰো বাবে নৰয় সেয়েয়ে কোনোবা আমাৰ লগত
আহক বা নাহক আমি কিন্তু কাৰোবালৈ অপেক্ষা কৰি সময়
নষ্ট কৰাতকৈ সময়ৰ লগত আগবাঢ়ি যোৱাই ভাল।
উদ্দেশ্য সৎ আৰু মনটো পৰিস্কাৰ হ’লে কোনোবা নহয়
কোনোবা ৰূপত ভগৱানেও আহি সহায় কৰি থৈ যায়।
Related Searches. Assamese Quotes on Life, Life Quotes in Assamese, Assamese Quotes On life,
